Good tidings for Bob Woolmer

বব ৱুলমাৰলৈ এটা সুখবৰ


ডিচেম্বৰ মাহত “এখন নেখেলা খেল” বুলি এটা ব্লগ লিখিছিলোঁ| তাৰ ঠিক পাছতেই আমাৰ বিশ্ববিদ্যালয়খন ৰাষ্ট্ৰীয় (আমেৰিকান) ফুটবলৰ চেম্পিয়ন হয়| সেইদিনা ৰাতি আমাৰ ইয়াত চবৰে যি ফূৰ্ত্তি| আমি কেইটামানে খেল শেষ হোৱাৰ ১০ মিনিটমান আগতে গম পালোঁ যে আজি আমাৰ জিকা ধুৰূপ| গতিকে লগে লগে দৌৰ মাৰিলোঁ য়ুনিভাৰ্চিটি এভিনিউলৈ| তাত এটা দুটা মানুহ ইতিমধ্যে আহিছে| দহ মিনিটমানৰ ভিতৰতে পথটোত হেজাৰ হেজাৰ মানুহ ওলাই আহিল আমাৰ জিকাৰ উৎসৱ পাতিবলৈ| বিয়াৰ, মদ আদিৰ একপ্ৰকাৰ বানপানী আৰম্ভ হ'ল| চবেই “ইটচ্ প্ৰাউড টু বি এ ফ্লৰিডা গে'টৰ” বুলি সমস্বৰে চিঞৰিবলৈ ধৰিলে| এটা ভাবিব নোৱাৰা অবস্থা| নিজৰ বস্তুবোৰক লৈ মানুহবোৰৰ ইয়াত কিমান গৰ্ব, কিমান উৎসাহ| সেইদিনা চহৰখনৰ পঞ্চাশহেজাৰ মানুহৰ ত্ৰিশহেজাৰ হেনো ৰাস্তাত| যোৱাবছৰ আমি
একেলগে বাস্কেটবল আৰু ফুটবলৰ ৰাষ্ট্ৰীয় চেম্পিয়ন হ'লোঁ| পাছে কাহিনীৰ তাতেই শেষ নহয়| এইবছৰ আকৌ আমি বাস্কেটবলৰ ছেমি-ফাইনেলত| ৩১ মাৰ্চত খেল আছে ইউ.চি.এল.এ ৰ বিপক্ষে| আমাৰ সৰু চহৰখনত তাৰ বাবে উদুলি মুদুলি অৱস্থা| আমাৰ চবৰে মাজত এতিয়া মাথোঁ শনিবাৰে কি হ'ব কি নহ'ব তাৰ আলোচনা| এই আপাহতে কৈ থওঁ যে বাস্কেটবল বা ফুটবলৰ লগত জড়িত অৰ্থনৈতিক দিশটো বিয়াগোম| যেনে ধৰক পাপা জ'নছ্ নামৰ পিজ্জা কোম্পানীটোৰ মতে এই বাস্কেটবলৰ বতৰত মুঠতে আমেৰিকান  সকলে  প্ৰতিখন খেলৰ সময়ছোৱাত প্ৰায় ১০০ একৰকৈ পিজ্জা খাব| যিখিনি পিজ্জাই ৯২৬০০০খন বাস্কেটবলৰ পথাৰ ভৰাই দিব পাৰিব| বিভিন্ন পানীয়, বিয়াৰ, মদৰ কথা নকলোৱেই এথোন| তথাপি আজিকোপতি কোনো বাস্কেটবলৰ প্ৰশিক্ষকক কোনো কাৰণতে মই নেলু টেপি হত্যা কৰা শুনা নাই| কোনো বিজিত দলৰ খেলুৱৈৰ ঘৰৰ আইনা শিলগুটি দলিয়াই ভঙা শুনা নাই| এইবোৰ দেখি-শুনি মাফিয়াই  আওপকীয়াকৈ খেলা ক্ৰিকেটে আমাৰ আৰু গা গৰম কৰিব নোৱাৰে, আৰু উত্তেজনা আনিব নোৱাৰে|

 

Leave a Reply