Not a poem

দুঃসময়


(অ-কবিতা)


 


 


এতিয়া সময় দুঃসময়


মোৰ বাবে


দুবিসহ জীৱন, জৰজৰিত হিয়া


আপোনে সংগ এৰাৰ সময়


সপোনবোৰ হেৰাই যোৱাৰ সময়


হাঁহিবোৰ দুখ হৈ ভাঁহি ফুৰে


মনৰ নিৰজনতাত


প্ৰতিধ্ৱনি শুনো মই


নিয়তিৰ নিউ নিউ চিঞঁৰৰ


এবুকু যন্ত্ৰণা পান কৰো ওৰে ৰাতি


নিদ্ৰাবিহীন


পলাবলৈ বিচাৰো


ব্যস্ততাৰ মাজত হেৰোৱাব খোজো নিজৰ ঠিকনা


স্মতিয়ে জোকায়


পাহৰণিৰ অতল গহ্বৰৰ পৰা বুটলি অানে


এটি এটি মুকুতা


দুচকুত ওলমি ৰয় উৱলি যোৱা সপোন………


 


কোনোবাই মোক দুখন ডেউকা দিবানে


চাব খোজো মই


ডাৱৰৰ সিপাৰে


আছে নেকি সঁচাকৈয়ে


এখন ধুনীয়া দেশ

One Comment

Leave a Reply