বিহূৰ পাছৰ সপ্তাহটোত গুৱাহাটীলৈ গৈছিলো | মোৰ বন্ধু শঙ্কৰৰ বিয়া আছিল | মোৰ বিয়াত সি সখি হৈছিল | সেয়েহে প্ৰতিশ্ৰুতি মতে সূদূৰ দিল্লীৰ পৰা গাঁঠিৰ ধন ভাঙি বিয়াখনলৈ গৈ কৰ্তব্য পালন কৰিলো | আজিকালি দিল্লীৰ পৰা প্ৰত্যুষতে এখন ফ্লাইট আছে | পুৱা ৫:৩০ বজাত যায় | গুৱাহাটীত তেতিয়া পোহৰ হ’লেও দিল্লীত ৰাতিয়েই হৈ থাকে | ফ্লাইটত বহি টোপনিয়াই টোপনিয়াই ৮টা বজাত গুৱাহাটী পালোহি | বিমান পৰিচিৰিকা কেইজনিকো এচকু দিবলৈ সময় নহ’ল |
বৰপুত্ৰক নিবৰ বাবে মায়ে গাড়ীখন পথাইছিলে | ৰাজপথত উঠিয়েই নজৰ পৰিল চিটি বাছকেইখনত | চিটি বাছবোৰ আকৌ বগা হ’ল, মানে বগা কৰা হ’ল | আগতে বাছবোৰ বগায়েই আছিল | দেখাতো ভালেই লাগিছিল | তাৰ পিছত কোনোবা কাণ্ডজ্ঞানহীন চৰকাৰী বিষয়াৰ মূৰত সোমাল বাছবোৰক মেৰুণ ৰঙীয়া কৰিবলৈ | চৰকাৰী ইচ্চাৰ আগত সকলোৱে নতি লৱ বাধ্য | কেইবাটাও বছৰ পাৰ হৈ গ’ল | সেই চৰকাৰী বিষয়াজনো গ’ল | ২০০৭ চনত অসমত ৰাষ্ট্ৰীয় খেলৰ প্ৰাকক্ষণত আকৌ কোনোবা এজন চৰকাৰী বিষয়াৰ ইচ্চাৰ বাবে বাছবোৰক পুনৰ বগা কৰা হ’ল | মেৰুণ ৰঙৰ ওপৰত আৰু এটা প্ৰলেপ লগাই বাছবোৰক পুনৰ বগা কৰাৰ চেষ্টা কৰা গ’ল | ফলত বাছবোৰ ধকধকীয়া বগা নহৈ কিবা বেলেগ এটা বগাহে হ’ল | তেনেহলেও এই নতুন বিধৰ বগা ৰঙ সেই চৰকাৰী বিষয়াৰ মন:পুত হ’ল |
বাকী বৰ বিশেষ সলনি হোৱা নাই | ভঙাগড়ৰ আৰু ছয়মাইলৰ ফ্লাইঅ’ভাৰ, মানে উৰণীয়া সেঁতু, কেইখনৰ কাম চলি আছে | এই দুয়ো ঠাইতে প্ৰায়েই জাম্ লাগে | গুৱাহাটী ক্লাৱত এটা Traffic Roundabout বনিব | মই ঘূৰি অহাৰ দিনা চি এমে উদ্ঘাটন কৰাৰ কথা |